XtGem Forum catalog
মুখ্য পৃষ্ঠা
16/12/25United States05:25

"এখন জীয়া নৈ"

স্মৃতি এখন সপোনৰ জীৱন্ত নৈ
যাৰ মাজত সাৰে থাকে
স্মৃতি মেটেকা ফুলৰ দৰে ৰূপোৱালী হৈ
সপোনৰ কলৰোল জগতে নুশুনে |

জ্বলা মানুহৰ গোন্ধ বতাহত ভাঁহি আহে
নৈ খনে কথা ক'ব নোৱাৰে
কুৰি শতিকাৰ দানবীয় পৰিচয়
ডায়েৰীৰ পৃষ্ঠাই পৃষ্ঠাই
তেজৰ ৰঙেৰে বৰ্বৰতাৰ কালিমা সানে
নৈ খন মাথো বৈ থাকে |

দুচকুৰ লোটকেৰে দুগাল তিয়ালে
কাঁচিয়লি ৰ'দত পদুমৰ পাহি যেন লাগে
সময়ৰ পখিলা নিৰন্তৰে উৰি যায়
স্মৃতিৰ নৈত ফুটুকীয়া সাজ চাই
গোপন বেথাৰে ইতিহাস লিখা নাই
জীৱন ভূগোলত এখনেই স্মৃতি নৈ হাই !

সপোন দেশৰ মাজেৰে
নৈ খনি বৈ যাব বিচাৰে
পিতাইৰ নাঙলৰ সিৰলুত উজুটি খাই
নৈ খনে উচুপি কান্দে
আইৰ চৰণ পখালি
নৈ খন বুকুলৈ ভটিয়াই আহে |

হৃদয়ৰ পৰা হৃদয়লৈ
শত জনে প্ৰেমৰ দলং বান্ধে
শেষ প্ৰান্তত দুহাত প্ৰসাৰি
আকাশৰ তৰা চাই দুভৰি থমকে
নিজানৰ একোনত প্ৰেম নীৰৱতাৰ
প্ৰহৰী হৈ পৰে
স্মৃতিৰ জীয়া নৈ বুকুতে থাকে
নৈয়ে কথা ক'ব নোৱাৰে |

© ৰাজু কলিতা

18/11/14